ডাউনলোড
মোবাইল এপ

android apple
signal

অসমৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

অসমৰ পাঁচটা বিধানসভা সমষ্টিত পৰহিলৈ হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি কিছুসময় পূৰ্বে সামৰণি পৰিছে। নির্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত শেষবাৰৰ বাবে ভোটদাতাৰ মন আকৰ্ষণ কৰিবলৈ সৰ্বাত্মক প্রচেষ্টা চলাই আৰু প্ৰচাৰ অভিযানৰ উত্তাপ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ সমৰ্থনত মহিলা মৰ্চাই উলিওৱা শোভাযাত্রা আনুষ্ঠানিকভাৱে মুকলি কৰে। মন্ত্ৰী অতুল বৰাৰ লগতে ভালেসংখ্যক বিজেপি আৰু অগপৰ কৰ্মীয়ে এই নির্বাচনী সমদলত অংশ লয়। লগতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সমষ্টিটোৰ বিভিন্ন ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰি অন্তিমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়।

মন্ত্ৰী বিমল বৰাই চামগুৰি সমষ্টিত বিজেপি প্রার্থী দীপ্লু ৰঞ্জন শৰ্মাৰ সমৰ্থনত নিৰ্বাচনী সমদলত অংশ লয়। সাংসদ ৰকিবুল হুছেইনে চামগুৰি সমষ্টিত কংগ্ৰেছ প্রার্থী তানজিল হুছেইনৰ হৈ শেষবাৰৰ বাবে প্ৰচাৰত অংশ লয় । ইয়াৰ লগতে ভালেসংখ্যক দলীয় সমর্থকক লৈ প্ৰাৰ্থীৰ্গৰাকীৰ সমৰ্থনত সমদল উলিওৱা হয় ৷ সমষ্টিটোত আম আদমী পাৰ্টীৰ দলীয় প্রার্থী নুৰুল আমিন চৌধুৰীৰ হৈ দলটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে প্ৰচাৰ চলায়। আপৰ নিৰ্বাচনী কার্যালয়ত সংবাদ মেল অনুষ্ঠিত কৰি সমষ্টিবাসীৰ বাবে দলটোৰ নেতাসকলে ৫টা গেৰাণ্টি সম্বলিত পত্রিকা মুকলি কৰে। মন্ত্রী পীযূষ হাজৰিকাই বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্রী জয়ন্ত মল্লবৰুৱাই বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ ধলাই সমষ্টিৰ আইৰ মাৰাত এটা পদযাত্ৰাত অংশগ্ৰহণ কৰে। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ হৈ কংগ্ৰেছ কর্মকর্তাসকলে শোভাযাত্ৰা উলিয়াই। ইপিনে নির্দলীয় প্রার্থীসকলেও সমষ্টিৰ ভিন্ন প্ৰান্তত ভোটদাতাসকলৰ পৰা শেষবাৰৰ বাবে ভোট বিচাৰি প্ৰচাৰ চলায়।

পৰহিলৈ হ’বলগীয়া এই উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধলাই আসনৰ বাবে ৮ গৰাকী, চামগুৰিৰ বাবে ১১ গৰাকী, চিদলী আসনখনৰ বাবে ৩ গৰাকী, বিহালী আসনখনৰ বাবে ৪ গৰাকী প্ৰাৰ্থী আৰু বঙাইগাঁও আসনৰ বাবে ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ১০ লাখতকৈও অধিক ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। কংগ্ৰেছ আৰু এন ডি এ-য়ে আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এই উপ-নির্বাচন নির্বিঘ্নে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন জিলা আয়ুক্তই এই সমষ্টিকেইটাৰ অন্তৰ্গত অঞ্চলসমূহত আজিৰ পৰা ১৩ নৱেম্বৰৰ বিয়লি পাঁচ বজালৈ সুৰা নিষিদ্ধ কৰিছে।

ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনপ্রতিনিধিত্ব আইনৰ ১২৬ ধাৰা অনুসৰি ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ আগতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সম্পন্ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি আজি সন্ধিয়া ৫ বজাৰ পৰা কোনো লোকে প্ৰচাৰ সম্বন্ধীয় সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব। লগতে জনসমাগমত নির্বাচনী চলোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশনা অনুসৰি টেলিভিছন, চিনেমেট গ্রাফ বা অন্য তেনে কোনো মাধ্যমত নির্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যি কোনো মনোৰঞ্জনধর্মী অনুষ্ঠানৰ জৰিয়তে নির্বাচন সম্পৰ্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব। ইয়াৰ উপৰি ছপা, বৈদ্যুতিন বা আন কোনো মাধ্যমত নির্বাচনী সমীক্ষা প্ৰকাশ, প্ৰচাৰ কৰিব নোৱাৰিব। জ্যোতিষীৰ ভৱিষ্যদ্বাণী, ৰাজনৈতিক বিশ্লেষণ আদি প্ৰচাৰ আৰু প্ৰকাশতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক