ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। অহা ১৩ নৱেম্বৰত হ’বলগীয়া এই উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি মন্ত্ৰী, সাংসদ আৰু বিধায়কে এন ডি এৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন নির্বাচনী সভাত অংশগ্রহণ কৰিছে৷ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাংসদ গৌৰৱ গগৈয়েও দলীয় প্ৰাৰ্থীৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাই আছে। উপ-নির্বাচন হ’বলগীয়া ধলাই সমষ্টিৰ পৰা ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে চামগুৰি সমষ্টিত ১১ গৰাকী আৰু ছিদলী সমষ্টিত ৩ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে, বিহালী সমষ্টিত ৪ গৰাকী আৰু বঙাইগাঁৱৰ আসনখনৰ বাবে ৮ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। চিদলী বিধানসভা সমষ্টিত কালি বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দলীয় প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰী মহিলাৰীয়ে সমষ্টিটোত বি পি এফৰ প্ৰাৰ্থীগৰাকী বহু সংখ্যক ভোটত জয়ী হ’ব বুলি দাবী কৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে চিদলীৰ পাঁচটা পৰিষদীয় সমষ্টিৰ চাৰিটা সমষ্টি বৰ্তমান বি পি এফৰ দখলত আছে। তেনে ক্ষেত্ৰত বি পি এফৰ প্ৰাৰ্থীৰ্গৰাকীয়ে অধিক ভোট লাভ কৰাটো নিশ্চিত বুলি তেওঁ কয়। আনহাতে বঙাইগাঁও সমষ্টিতো শাসক-বিৰোধী উভয় পক্ষৰে প্ৰচাৰ অভিযান অব্যাহত আছে। সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ হৈ আজি নগাঁৱৰ সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলাব। একেদৰে সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰচাৰ চলাব।
Site Admin | November 9, 2024 11:13 AM | assam bye election campaign