ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। চিদলীৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে বাসুগাঁৱত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে।
সভাখনত সাংসদ জয়ন্ত বসুমতাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ লগতে মন্ত্ৰী উৰ্খাও গৌড়া ব্রহ্ম, মন্ত্রী অশোক সিংহলৰ লগতে বিজেপি আৰু ইউ পি পি এলৰ সমৰ্থক উপস্থিত থাকে। চামগুৰি বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাৰ হৈ আজি মন্ত্ৰী কেশৱ মহন্তই কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
এই প্ৰচাৰ সভাত প্ৰাৰ্থীগৰাকীৰ লগতে বিধায়ক ৰূপক শৰ্মা, বিজেপি আৰু অগপৰ কেইবাজনো নেতা উপস্থিত থাকে। সমষ্টিটোত কংগ্ৰেছ প্রার্থী তানজিল হুছেইনেও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিহালী সমষ্টিত বিজেপি, কংগ্ৰেছ আৰু চি পি আই এম এলে প্ৰচাৰ চলাইছে। বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ আজি সাংসদ ৰঞ্জিত দত্তই বিহালীৰ বিহপুখুৰীত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে।