ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৩৪গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, ৰাজনৈতিক দলৰ প্ৰচাৰ অব্যাহত

অহা ১৩ নৱেম্বৰত উপ-নিৰ্বাচন হ’বলগীয়া ধলাই বিধানসভা সমষ্টিৰ এজন নির্দলীয় প্রার্থীয়ে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ইয়াৰ ফলত ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৪গৰাকী হয়। উপ-নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ ভিতৰত ধলাইত ৮ জন, ছিদলীত ৩ জন, বঙাইগাঁৱত ৮ জন, বিহালীত ৪ জন আৰু চামগুৰি সমষ্টিত ১১ জন প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। ইফালে,  উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। পাঁচোটা সমষ্টিতে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আম আদমী পাৰ্টীয়ে তীব্ৰ প্ৰচাৰ অভিযান চলায়। চামগুৰি সমষ্টিত বিজেপি প্রার্থী দিপুৰঞ্জন শৰ্মাৰ সমৰ্থনত মন্ত্ৰী বিমল বৰাই কেইবাখনো এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। চিৰাং জিলাৰ ছিদলী বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমৰ্থনত আজি প্ৰচাৰ চলোৱা হয়। গৰুভাষা নাগদলবাৰীত অনুষ্ঠিত প্ৰচাৰ সভাত ৭০ গৰাকী লোকে ইউ পি পি এল দলত যোগদান কৰে ।

অধিক পঢ়ক

সকলো চাওক