ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৩৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া আসন্ন উপ-নিৰ্বাচনৰ বাবে ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিছে। কালি অন্তিম দিনটোত আটাইকেইটা ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীকে ধৰি মুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কালি বিহালী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰাই কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ শীৰ্ষ নেতৃত্বৰ লগতে সাংসদ গৌৰৱ গগৈ উপস্থিতিত মনোনয়ন দাখিল কৰে। আনহাতে ছিদলী বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আৰু বঙাইগাঁৱৰ অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে দলৰ সভাপতি অতুল বৰা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংসদত্ৰয় ফণী ভূষণ চৌধুৰী, জয়ন্ত বসুমতাৰী আৰু ৰণগৌৰা নাৰ্জাৰীকে ধৰি বহু জ্যেষ্ঠ নেতা তথা সমর্থকক সংগী কৰি মনোনয়ন পত্ৰ দাখিল কৰে। সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী ব্রজেনজিৎ সিংহয়ো কালি মনোনয়ন পত্ৰ দাখিল কৰে। সিংহই মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাদ্বয় ভূপেন বৰা আৰু মীৰা বৰঠাকুৰ উপস্থিত থাকে। ইপিনে, আম আদমী পাৰ্টীৰ প্ৰাৰ্থী অনন্ত গগৈয়ে বিহালীত আৰু নুৰুল আমীন চৌধুৰীয়ে চামগুৰিত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলপৰ্বত নুৰুল আমীন চৌধুৰীৰ লগত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ দলীয় নেতা উপস্থিত থাকে। অনন্ত গগৈৰ সৈতেও দলৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শর্মাকে ধৰি ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো নেতা উপস্থিত থাকে। অহা সোমবাৰে মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব। উল্লেখযোগ্য যে অহা ১৩ নৱেম্বৰত ধলাই, চামগুৰি, বিহালী, চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে ৩ খন আৰু মিত্ৰদল ইউপিপিএল তথা অসম গণ পৰিষদ দলে এখনকৈ আসনৰ বাবে মনোনয়ন দাখিল কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে পাঁচোটা, আম আদমী পার্টিয়ে দুটা আৰু বিপিএফে এটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। ধলাই বিধানসভা সমষ্টিটো উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক