ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কালি অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিকেইটাত মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত উপ-নির্বাচন অনুষ্ঠিত হ’ব। ৫টা সমষ্টিত সৰ্বমুঠ ৯ লাখ ১০ হাজাৰ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। নির্বাচন হ’বলগীয়া সমষ্টিকেইটাত মুঠ এহেজাৰ ৭৮টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। এই পাঁচোটা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে থকা অঞ্চলসমূহ সামৰি এই নির্বাচন অনুষ্ঠিত হ’ব।

চামগুৰি বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ ছপাশালসমূহত পুস্তিকা, পোষ্টাৰ আদি ছপাৰ ক্ষেত্ৰত জনপ্ৰতিনিধিত্ব আইন ১৯৫১ ৰ ১২৭ (ক) ধাৰাত থকা নিষেধাজ্ঞাসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। জিলা দণ্ডাধীশ তথা জিলা নির্বাচনী বিষয়াই এই ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি কোনো ব্যক্তিয়ে ছপাকাৰী আৰু প্ৰকাশকৰ নাম-ঠিকনা অবিহনে কোনো পুস্তিকা বা পোষ্টাৰ ছপা কৰিব নোৱাৰিব। তদুপৰি ৰাজনৈতিক দল বা প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ দ্বাৰা নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে জনসমাগম, শোভাযাত্ৰা, ৰাজহুৱা সভা আদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পূৰ্বে অনুমতি ল’লেও কোনো দল অথবা প্রার্থীয়ে নিশা দহ বজাৰ পাছত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। একেদৰে উচতনিমূলক, সাম্প্ৰদায়িক, ৰাষ্ট্ৰবিৰোধী, জাতীয়তা বিৰোধী, ভাষণ বা শ্লোগান, আপত্তিজনক আৰু বিভিন্ন বৰ্ণ ভাষিক বা ধৰ্মীয় গোটক আঘাত হানিব পৰা বিষয় লৈ যুগুত কৰা বেনাৰ পোষ্টাৰ আদিও নিষিদ্ধ কৰা হৈছে। যিকোনো উদ্দেশ্যৰ বাবে অনুদান সংগ্রহ, আগ্নেয়াস্ত্র, বিস্ফোৰক সামগ্ৰী আদি কঢ়িয়াই নিয়াৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে আইন প্রয়োগকাৰী কৰ্মী, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী বিষয়া, কৰ্মচাৰী, আদিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহ’ব।

ইপিনে, জিলাখনত উপ-নির্বাচনৰ সময়ত আইন শৃংখলা পৰিস্থিতি অটুট ৰখাৰ বাবে এটা নিয়ন্ত্ৰণ কোষ স্থাপন কৰা হৈছে। এই কোষৰ টোল ফ্রি নম্বৰ ১০৭৭ আৰু লেণ্ডলাইন নম্বৰ ০৩৬৭ ২৩৮০০০লৈ ফোন কৰি জনসাধাৰণে নির্বাচনী প্ৰক্ৰিয়াক লৈ ওজৰ-আপত্তি থাকিলে দাখিল কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক