ৰাজ্যত হ’বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি; বিজেপি-কংগ্ৰেছ-ইউপিপিএলৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। ইতিপূর্বে শাসকীয় বিজেপিয়ে ৩টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

উপ-নির্বাচনৰ বাবে ৩২ নম্বৰ বঙাইগাঁও বিধানসভা সমষ্টিত অগপৰ হৈ দীপ্তিময়ী চৌধুৰীৰ নাম চূড়ান্ত কৰা হৈছে। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই দলীয় প্রার্থী হিচাপে শ্ৰীমতী চৌধুৰীক মনোনীত কৰে।

ইফালে, উপ-নির্বাচনত পাঁচোটা সমষ্টিতে শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটে জয়লাভ কৰিব বুলি আজি মন্ত্ৰী কেশৱ মহন্তই বৰপেটাত সাংবাদিকৰ আগত মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে। তেওঁ কয় যে বিগত ৩৮ বছৰে সমষ্টিটোত অসম গণ পৰিষদে জয়লাভ কৰি আহিছে। আনহাতে, শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটে উপ-নিৰ্বাচনত চামগুৰি সমষ্টিতো জয়লাভ কৰিব বুলি দাবী কৰি শ্ৰী মহন্তই বিৰোধী পক্ষৰ মূল্যবোধহীন নির্বাচনী কুচকাৱাজৰ তীব্ৰ সমালোচনা কৰে।

বিৰোধী পক্ষৰ পৰা কংগ্ৰেছে বঙাইগাঁও সমষ্টিত প্ৰাক্তন আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাক মনোনীত কৰিছে। বঙাইগাঁৱৰ ৰাজীৱ ভৱনত আজি শ্ৰীসিনহাক দলীয় কৰ্মীসকলে আদৰণি জনাই সমষ্টিটোৰ পৰা তেওঁ বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰে।

ইপিনে, উপ-নির্বাচনৰ পৰিপ্ৰেক্ষিতত ইউ পি পি এল দলেও চিদলী সমষ্টিৰ বাবে নিৰ্মল কুমাৰ ব্ৰহ্মক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক