June 6, 2024 8:37 PM | Assam Flood

printer

শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২ লাখ ৪৬ হাজাৰলৈ হ্ৰাস

যোৱা ২৪ ঘণ্টাত বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২ লাখ ৪৬ হাজাৰলৈ হ্ৰাস পাইছে। ইপিনে, কাছাৰত এজন লোকৰ মৃত্যু হোৱাৰ পাছত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫লৈ বৃদ্ধি পাইছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাছাৰ, কৰিমগঞ্জ, মৰিগাঁও, হোজাই, নগাঁও, ডিমা হাচাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু কিছু এলেকা এতিয়াও বানৰ কৱলত আছে। ৩৭৫খন গাঁৱৰ ২২ হাজাৰতকৈও অধিক লোক সম্প্রতি ১১২টা সাহায্য শিবিৰত আশ্ৰয় লোৱাৰ লগতে ৫ হাজাৰ হেক্টৰতকৈও অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যকেইখনত পাতলীয়াৰ পৰা মজলীয়া আৰু বিজুলী-গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইপিনে, ৰাজ্যৰ বিভিন্ন স্থানত বানৰ লগতে খহনীয়াৰ সমস্যাই ভাবুকিৰ সৃষ্টি কৰিছে। কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা গাঁৱৰ সৰলভাঙা নৈৰ খহনীয়াই ভালেমান অঞ্চল খহাই নিয়াৰ উপক্ৰম হৈছে। জনসাধাৰণে বিটিআৰ প্ৰশাসন আৰু অসম চৰকাৰক এই সমস্যাৰ সমাধান বিচাৰি আহ্বান জনাইছে। একেদৰে কপিলী নৈৰ বানে যমুনামুখৰ নিকটৱৰ্তী কুম্ভিডুবি অঞ্চল ক্ষতিগ্রস্ত কৰিছে। অঞ্চলটোৰ ঠায়ে ঠায়ে কেইবাটাও পথ বানে ছিগি পেলোৱাত যাতায়াতৰ সমস্যা হৈছে।

অধিক পঢ়ক

সকলো চাওক