গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে কালি নতুন দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰে’লমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰে’ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদামৰ ভূমি অধিগ্ৰহণৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ ৰে’লমন্ত্ৰীক অনুৰোধ জনায়। গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা ৰে’লগাড়ীসমূহ ঘূৰি-পকি যোৱা পথৰ পৰিৱৰ্তে হ্রস্বতম পথেৰে চলাচল কৰা, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত পুনৰ শতাব্দী এক্সপ্ৰেছ চলাচল কৰোৱা, গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছখন পুৱাৰ ভাগত গুৱাহাটীৰ পৰা চলাচল কৰোৱা, ক’ভিড কালত বন্ধ কৰা ৰে’লগাড়ীসমূহ পুনৰ প্ৰৱৰ্তন কৰা আৰু গুৱাহাটীৰ পৰা স্থানীয় ৰে’লগাড়ীৰ চলাচল আৰম্ভ কৰা আদি কেইবাটাও দাবী সম্পর্কত সাংসদগৰাকীয়ে ৰে’লমন্ত্ৰীক অৱগত কৰায়। ৰে’লমন্ত্ৰী বৈষ্ণৱে সাংসদগৰাকীৰ দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস দিয়ে।
Site Admin | December 20, 2024 12:27 PM | assam bijuli medhi meet aswini boishnav