ডাউনলোড
মোবাইল এপ

android apple
signal

April 4, 2025 12:19 PM | Assam award

printer

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হয়। সংগীত শিল্পী দ্বীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা চেত্ৰী আৰু টাটা কনছালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° এছ ৰামডুৰাই, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বাপ্পী পাল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° পূৰৱী শ‍ইকীয়াক অসম সৌৰভ সন্মান প্ৰদান কৰা হয় ৷

একেদৰে, শগুণৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মিনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা ১২ গৰাকী ব্যক্তিৰ লগতে আন তিনিটা প্ৰতিষ্ঠান কলিয়াবৰৰ চোৰেং এহেম, তিনিচুকীয়াৰ ইকো-ডেভেলপ ছ’চাইটী আৰু নগাঁৱৰ হাতীবন্ধুলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হয় । অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বঁটা প্ৰাপকসকলক শুভেচ্ছা জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে প্ৰতিৰক্ষা, শিক্ষা, বিজ্ঞান প্রযুক্তি, কলা-সংস্কৃতি, ক্রীড়া, হস্তশিল্প, জনসেৱা, কৃষি আৰু সহযোগী খণ্ড, উদ্যমিতা, পৰিবেশ পৰ্যটন, বন্যপ্ৰাণী সংৰক্ষণকে ধৰি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ সন্মানৰ স্বীকৃতিস্বৰূপে ২১ গৰাকী বৰেণ্য ব্যক্তি, এখন আদৰ্শ গাঁও আৰু এটা প্ৰকৃতিপ্রেমী সংস্থালৈ ২০২৪ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়।

অধিক পঢ়ক

সকলো চাওক