অহা ফেব্ৰুৱাৰীত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনৰ এটা দিনৰ কাৰ্যক্ৰমণিকা কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ বিষয়ে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি কয়, যে ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট ভাষণ কোকৰাঝাৰত অনুষ্ঠিত কৰা হ’ব। বি টি আৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, যে জিলাখনত বিধানসভা অধিৱেশনৰ এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰিলে বিধানসভাৰ অধ্যক্ষৰ লগতে বি টি আৰবাসীৰ বহুদিনীয়া আশা পূৰণ হ’ব।
ইফালে, কালি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নির্বাচন সম্পন্ন কৰা হ’ব বুলি প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁ ডিচেম্বৰত ভোটাৰ তালিকা আৰু জানুৱাৰীৰ প্রথম সপ্তাহত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব বুলি সদৰি কৰিছিল। উল্লেখযোগ্য যে ৰাজ্যত বিগত বৰ্ষত পঞ্চায়তৰ কাৰ্যকাল উকলি গৈছে। নির্বাচন আয়োগৰ তথ্য মতে পঞ্চায়তৰ নতুনকৈ নিৰ্ধাৰণ কৰা সীমা অনুসৰি গাঁও পঞ্চায়ত ২ হাজাৰ ১৯৩ খনলৈ, আঞ্চলিক পঞ্চায়ত ১৮১খনলৈ আৰু জিলা পৰিষদৰ সদস্যৰ সংখ্যা ৩৯৭লৈ হ্ৰাস পাইছে।