ৰাজ্যত বৰ্তমানলৈকে ২৭ হাজাৰ ৯৩১ খন নলযোগে পানীযোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে ১৭ হাজাৰ ৩১৫ খন আঁচনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা প্ৰকাশ কৰি কয়, যে এতিয়ালৈকে অসম্পূৰ্ণ হৈ থকা ১০ হাজাৰ ৬১৬ খন জলজীৱন মিছন আঁচনিৰ কামৰ নিৰ্ধাৰিত সময়সীমা আৰু গুণগত মান নিৰ্ণয়ৰ বাবে সাময়িকভাৱে বন্ধ ৰখা হৈছে। কেন্দ্ৰীয় চৰকাৰে জনজীৱন মিছনৰ কাৰ্যকাল ২০২৮ চনলৈকে বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে ৬৭ হাজাৰ কোটি টকাৰ পুঁজিত আৱণ্টন দিয়া হৈছে। জলশক্তি মন্ত্ৰালয়ে পুঁজি বিতৰণ ব্যৱস্থাৰ অধীনত চলিত বিত্তীয় বৰ্ষত ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় পুঁজি মোকলাই দিয়াৰ আশ্বাস দিছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
জলজীৱন মিছনৰ সাফল্য সন্দৰ্ভত আন এটা প্ৰশ্নৰ উত্তৰত শ্ৰীবৰুৱাই কয়, যে ৰাজ্যখনৰ মুঠ ৫৭ লাখ ৬৫ হাজাৰ ২৫৫টা পৰিয়ালে চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰী পৰ্যন্ত নলযোগে বিশুদ্ধ খোৱাপানী লাভ কৰিছে।