অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা দিছপুৰৰ বিধানসভা ভৱনত অনুষ্ঠিত হৈছে। এদিনৰ বিৰতিৰ মূৰত আজি অনুষ্ঠিত দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে বিৰোধী পক্ষৰ কেইবাগৰাকীও সদস্যই কয়লা ছিণ্ডিকেট, অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ, ডিটেনছন শিবিৰ আদি বিভিন্ন প্রসংগ উত্থাপন কৰিবলৈ চেষ্টা কৰে। অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সদস্যসকলৰ দাবীৰ প্ৰতি কৰ্ণপাত নকৰি প্রশ্নোত্তৰ কাল চলাই নিয়ে। প্রশ্নোত্তৰ কাল শেষ হোৱাৰ পাছত শূন্যকালত বিৰোধী সদস্যসকলে একেকেইটা বিষয়ক লৈ সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ বাবে দাবী জনায়। অধ্যক্ষই সদনৰ কাৰ্য পৰিচালনাৰ আন বিধিৰ অধীনত বিষয়সমূহ আলোচনা কৰিব পৰা যায় বুলি সদস্যসকলক বুজাবলৈ চেষ্টা কৰে যদিও সদনত হুলস্থূলীয়া পৰিবেশ অব্যাহত থাকে। বিৰোধী পক্ষৰ কেইবাগৰাকী সদস্যই কয়লা ছিণ্ডিকেট, অসম চুক্তিৰ ৬ নম্বৰ দফা, ডিটেনছন শিবিৰ সন্দৰ্ভত আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি গৈ ধৰ্ণা দিবলৈ ধৰে। ইয়াৰ বিপৰীতে শাসকীয় পক্ষৰ সদস্যসকলেও অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰি সম্পৰ্কে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনক লৈ আলোচনাৰ দাবীত ধর্ণা দিয়ে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ বাবে অধ্যক্ষই তিনিবাৰকৈ সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলৈ বাধ্য হয়। তিনিবাৰকৈ কাম-কাজ স্থগিত ৰখাৰ পাছত সদন পুনৰ মিলিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়কসকলে উত্থাপন কৰা বিষয়সমূহক আলোচনা কৰিবলৈ ৰাজ্য চৰকাৰ সাজু বুলি ঘোষণা কৰে আৰু সেই সময়ত অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ নুমল মমিনক আলোচনাৰ দিন নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ পাছত সদনৰ পৰিস্থিতি শান্ত হয় আৰু স্বাভাৱিক কাম-কাজ পুনৰ আৰম্ভ হয়।
Site Admin | February 19, 2025 7:50 PM | Assam Assembly
অসম বিধানসভাত শাসক-বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱৰ দাবীত সদন তিনিবাৰলৈ স্থগিত
