August 30, 2024 8:35 PM | Assam Assembly

printer

অসম বিধানসভাত আজি কেইবাখনো বিধেয়ক উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। ইয়াৰ ভিতৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিছেছ এমেণ্ডমেণ্ট বিল-২০২৪, পৰিবহন মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিক’ল টেক্সেছন এমেণ্ডমেণ্ট বিল-২০২৪, ৰাজহ মন্ত্ৰী যোগেন মহনে দি আছাম ফিক্সেছন অৱ ছিলিং অন লেণ্ড হন্ডিংছ এমেণ্ডমেণ্ট বিল-২০২৪, দি আছাম এগ্রিকালছাৰেল লেণ্ড (ৰেগুলেছন অৱ ৰি ক্লাছিফিকেছন এণ্ড ট্রান্সফাৰ ফৰ নন এগ্রিকালছাৰেল পাৰপাছ) এমেণ্ডমেণ্ট বিল-২০২৪ উত্থাপন কৰে। আজি বিধানসভাত জুম্মা নামাজ বিৰতি ৰদ কৰাৰ বিষয়েও সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধানসভাৰ উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যৰে ঔপনিবেশিক সময়ৰ অৱশিষ্ট উপাদান দুঘণ্টাৰ সদন স্থগিতকৰণৰ ব্যৱস্থাটো আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইফালে, আজি বিধানসভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে ৰাজ্যত ২০২০ চনৰ পৰা বৰ্তমানলৈকে প্রাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা ৪ লাখ টকাকৈ ক্ষতিপূৰ্ণ দিয়া হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰি কয় যে প্রাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনত ২০২০ৰ পৰা বৰ্তমানলৈকে মুঠ ৭৮৪জন লোকে প্রাণ হেৰুৱাইছে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যত বিগত সময়ছোৱাত বানৰ ক্ষয়-ক্ষতিৰো তথ্য দাঙি ধৰে।

অধিক পঢ়ক

সকলো চাওক