August 27, 2024 6:55 PM | Assam Assembly

printer

হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত কৰিছে। অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা নাৰী নিৰ্যাতন, আলফাৰ দ্বাৰা বোমা স্থাপন আৰু ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ব্যর্থ হোৱা বুলি অভিযোগ তুলি বিৰোধী পক্ষৰ কেইবাগৰাকীও বিধায়কে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱত হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তনৰ তথ্য দিব বুলিও ঘোষণা কৰে। কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি এম আৰু বিধায়ক অখিল গগৈয়ে সুকীয়া সুকীয়াকৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ এখন জিলাৰ পৰা আন জিলালৈ যাব পৰাটো সাংবিধানিক অধিকাৰ হ’লেও সামাজিক কিছু প্রক্রিয়াও থাকে। নামনিৰ মানুহ উজনিলৈ যাবই বুলি কোৱাটো এটা আগ্রাসী মনোভাৱ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ অভিযোগ তুলি চি পি এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰথমটো সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। এ আই ইউ ডি এফৰ বিধায়ক ডº ৰকিবুল ইছলামে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। উজনি অসমৰ জিলা বিশেষত বসবাস কৰা এটা বিশেষ সম্প্ৰদায়ৰ লোকক সেই স্থান ত্যাগ কৰিবলৈ ৩০টা সংগঠনে সময়সীমা বান্ধি দিয়া কার্যত বিধায়কজনে উদ্বেগ প্রকাশ কৰি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াও আইন শৃংখলাৰ চূড়ান্ত অৱনতিৰ অভিযোগ কৰি সভা স্থগিত উত্থাপন কৰে। একেদৰে বিধায়ক অখিল গগৈ ও আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰিজন বিধায়কে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱৰ উত্তৰ দিবলৈ গৈ বিৰোধী পক্ষক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি বিৰোধী পক্ষই অধ্যক্ষৰ আসনৰ সন্মুখত হাতে হাতে প্লেকার্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এনে পৰিস্থিতিত অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে । ইপিনে, খাদ্য, ৰাজহুৱা বিতৰণ আৰু বিতৰণ পৰিক্ৰমা মন্ত্ৰী ৰণজিত কুমাৰ দাসে ৰাজ্যখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ২ কোটি ৩১ লাখ ৯৭ হাজাৰৰো অধিক হিতাধিকাৰীক সামৰি ৬৬ লাখ ৮৬ হাজাৰৰো অধিক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। বিধানসভাৰ প্রশ্নোত্তৰকালত সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে যদিহে কোনো যোগ্য লোক বা পৰিয়াল ৰেচন কাৰ্ড লাভৰ পৰা বঞ্চিত হৈ আছে, তেন্তে এই ব্যক্তিসকলক বাছনি কৰি পৰ্যায়ক্রমে ৰেচন কাৰ্ড প্রদান বা কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক