August 22, 2024 8:00 PM | Assam Assembly

printer

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা অখিল গগৈ, আমিনুল ইছলাম (জ্যেষ্ঠ) আৰু দেৱব্ৰত শ‍ইকীয়াৰ সভা স্থগিত প্ৰস্তাৱ উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ) আৰু কংগ্ৰেছৰ দেৱব্ৰত শ‍ইকীয়াই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অখিল গগৈয়ে শিৱসাগৰত এগৰাকী যুৱতীক অপদস্থ কৰা, আমিনুল ইছলামে ভূমি ক্রয়- বিক্ৰয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্য আৰু দেৱব্ৰত শ‍ইকীয়াই স্মার্ট বৈদ্যুতিক মিটাৰ সন্দৰ্ভত সভাস্থগিত প্ৰস্তাৱ তোলে যদিও অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই তিনিওটা প্রস্তাৱ নাকচ কৰে। ইয়াকে লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলে প্লেকার্ড লৈ অধ্যক্ষৰ সন্মুখত ধর্ণা দি বিধানসভা ত্যাগ কৰে। চৰকাৰৰ স্থিতিত ক্ষুণ্ণ হৈ আৰু অধ্যক্ষৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ তুলি বিধায়ক অখিল গগৈৰ লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলে সুকীয়া সুকীয়াকৈ সদন ত্যাগ কৰে।

অধিক পঢ়ক

সকলো চাওক