ডাউনলোড
মোবাইল এপ

android apple
signal

August 22, 2024 7:24 PM | assam assembly 2024

printer

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত আজি সদনত মুঠ ১০খন বিধেয়ক উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই দি আছাম শ্বিডিউল কাষ্ট এণ্ড শ্বিডিউল ট্রাইব্‌ছ (ৰিজাৰ্ভেচন অফ ভেকেন্সিছ ইন ছার্ভিচেছ এণ্ড পোষ্ট) সংশোধন বিধেয়ক, ২০২৪ সদনৰ অনুমতি সাপেক্ষে উত্থাপন কৰে । সদনত আজি মুঠ ১০খন বিধেয়ক উত্থাপন কৰা হয়। মন্ত্ৰী শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰীৰ হৈ সদনৰ অনুমতি সাপেক্ষে অসম চৰকাৰী ভাষা সংশোধন বিধেয়ক, ২০২৪খনো উত্থাপন কৰে। ৰাজহ মন্ত্ৰী যোগেন মহনে আজি তিনিখন বিধেয়ক উত্থাপন কৰে। ইয়াৰে অসম ভূমি-ৰাজহ নিয়ন্ত্রণ সংশোধন বিধেয়কখন উত্থাপন কৰাৰ সময়ত সদন উত্তাল হৈ পৰে। বিৰোধী দল বিশেষকৈ এ আই ইউ ডি এফৰ বিধায়কসকলে বিধেয়কখন উত্থাপনত সদনে অনুমতি দিয়া নাই বুলি অধ্যক্ষক স্পষ্ট কৰি দিয়ে। অধ্যক্ষই কয় যে বিধেয়ক উত্থাপন হ’লেও পাৰিত হোৱাৰ ক্ষেত্ৰত সুকীয়াকৈ বিৰোধিতা কৰাৰ প্ৰস্তাৱ দিব লাগিব। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই দ্য আছাম ভেটেৰিনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটী বিল ২০২৪ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই দা আছাম স্কীল ইউনিভার্সিটী এমেওমেণ্ট বিল সদনত উত্থাপন কৰে। আনহাতে, সামাজিত ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্বপ্রাপ্ত মন্ত্রী পীযূষ হাজৰিকাই মৰাণ আৰু মটক স্বায়ত্ত শাসিত পৰিষদ সম্পৰ্কীয় দুখন সুকীয়া বিধেয়ক উত্থাপন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে দা আছাম আৰবান ৱাটাৰ ব’ডিজ (প্রিভেনচন এণ্ড কনজাৰভেচন) বিল উত্থাপন কৰে। সেইদৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰিসমূহ সদনত দাখিল কৰে। ২৮ আগষ্টত পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ’ব। উল্লেখযোগ্য যে অধিবেশনৰ কাম-কাজ পুনৰ অহা ২৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব। সেইদিনা সংকল্প প্ৰস্তাৱ আৰু আন কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। ৩০ আগষ্টলৈ এই অধিবেশন চলিব।

অধিক পঢ়ক

সকলো চাওক