ডাউনলোড
মোবাইল এপ

android apple
signal

August 21, 2024 8:59 PM | assam assembly 2024

printer

কাইলৈৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ’ব। ৩০ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনৰ কাইলৈ প্ৰথম দিনা শৰৎকালীন অধিৱেশনৰ কাৰ্যসূচী স্থিৰ কৰা হ’ব। এই অধিৱেশনত ৰাজহ বিভাগৰ দুখন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। তদুপৰি, ২০২৪-২৫ বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী উত্থাপন তথা চৰকাৰী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ২৭ আগষ্টত সংকল্প প্ৰস্তাৱ আৰু আন কেইখনমান বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। ২৮ আগষ্টত পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ’ব বুলি জানিব পৰা গৈছে। এইবাৰৰ অধিৱেশনত বিৰোধী পক্ষই স্মার্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুৎ মাচুল বৃদ্ধি, গুৱাহাটীৰ বান পৰিস্থিতি, মূল্যবৃদ্ধিকে ধৰি কেইবাটাও বিষয়ক লৈ বিতৰ্ক সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ইফালে, অধিৱেশনৰ পূৰ্বে আজি অসম বিধানসভাৰ নতুন ভৱনত সকলো দলৰ নেতাসকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, পীযূষ হাজৰিকা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ লগতে বিধানসভাৰ ভালেসংখ্যক সদস্য উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক