ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ তৎপৰতা

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰ বিশেষ তৎপৰ হৈ পৰিছে। অসম বিধানসভাত কালি দি আছাম ক’চিং ইনষ্টিটিউট কন্ট্র’ল এণ্ড ৰেগুলেচন বিল, ২০২৫ উত্থাপন কৰা হয়। বিধেয়কখনৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে কল্যাণমূলক নিয়ন্ত্ৰণ ব্যৱস্থাও গঢ়ি তোলা হ’ব। এই বিধেয়ক অনুসৰি প্ৰতিটো প্ৰশিক্ষণ প্রতিষ্ঠান খুলিবলৈ আগ্রহী ব্যক্তিয়ে সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ ওচৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগিব। লগতে বর্তমানে চলি থকা প্রশিক্ষণ প্রতিষ্ঠানসমূহেও বিধেয়কখন গৃহীত হোৱাৰ ৩০ দিনৰ ভিতৰত জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। পৌৰ নিগম এলেকাৰ ভিতৰত থকা প্ৰতিষ্ঠানৰ বাবে বৈধ বাণিজ্য অনুজ্ঞা পত্ৰ আৰু নিৰ্মাণৰ অধিকাৰ প্ৰমাণ পত্ৰ থকাটো জৰুৰী হ’ব। বিধেয়কখনৰ জৰিয়তে স্পষ্ট কৰা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আচৰণবিধি অনুসৰি – প্ৰতিটো শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা ৱেবছাইট বা পৰিচিতি পুস্তিকাত উল্লেখ কৰা শিক্ষাৰ্থীৰ সংখ্যাতকৈ অধিক হ’ব নোৱাৰিব আৰু পৰীক্ষাজনিত অসুবিধা, পাঠ্যক্ৰম আদিৰ বিষয়ে নামভৰ্তিৰ পূৰ্বে শিক্ষার্থীসকলক অৱগত কৰিব লাগিব। বিধেয়কখনত প্রশিক্ষণ প্রতিষ্ঠানসমূহৰ বাবে কিছু নীতি-নিৰ্দেশনা স্পষ্ট কৰি দিয়া হৈছে। সেই অনুসৰি স্নাতকতকৈ কম অহতা থকা শিক্ষক নিযুক্তি দিব নোৱাৰাৰ লগতে শিক্ষার্থী তথা অভিভাৱকক ভাল পদবী বা কোনো বিভ্ৰান্তিকৰ প্ৰতিশ্ৰুতি দিব নোৱাৰিব। লগতে ১৬ বছৰৰ তলৰ বা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পূৰ্বে শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তি কৰাব নোৱাৰিব। প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা সুবিধাৰ মান সম্পর্কিত কোনো বিভ্রান্তিকৰ বিজ্ঞাপন প্রকাশতো বাধা থাকিব। প্ৰতিষ্ঠানৰ শিক্ষকৰ অৰ্হতা, মাছুল নীতি আদিৰ সকলো শেহতীয়া তথ্য ৱেবছাইটত সন্নিবিষ্ট থাকিব লাগিব ।

অধিক পঢ়ক

সকলো চাওক