অসম বিধানসভাত আজি লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ মাজত হোৱা কথা কটাকটিক লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিতৰ্কত ভাগ লৈ পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত বৰ্তমানৰ চৰকাৰে কৰা কাম-কাজৰ প্ৰশংসাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীয়ে তেওঁলোকৰ ফাললৈ চাই বক্তব্য উত্থাপন কৰাৰ পৰিৱৰ্তে অধ্যক্ষকহে সম্বোধন কৰিব লাগে বুলি মন্তব্য কৰাত বিধায়ক কুৰ্মী খৰ্গহস্ত হৈ পৰে আৰু উত্তেজিত হৈ তেওঁ বিধায়ক শ্বেৰমান আলীৰ ফালে চোঁচা মাৰিবলৈ উদ্যত হয়। অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ নোমল মমিনে বিধায়কগৰাকীক শান্ত কৰিবলৈ যথেষ্ট চেষ্টা কৰিবলগীয়া হয় আৰু মাৰ্শ্বালৰ সহায়তহে বিধায়কগৰাকীক ক্ষান্ত কৰে। এই ঘটনাৰ প্ৰতিবাদত বিৰোধী পক্ষই কিছু সময়ৰ বাবে সদন ত্যাগ কৰে।
Site Admin | March 21, 2025 7:47 PM | Assam Assembly
অসম বিধানসভাত আজি হোৱা কথা কটাকটিক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি
