ডাউনলোড
মোবাইল এপ

android apple
signal

March 6, 2025 6:04 PM | Assam Assembly

printer

হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি বনমন্ত্ৰীৰ প্ৰকাশ

হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আফতাব উদ্দিন মোল্লাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে গোৱালপাৰা জিলাত চলিত বৰ্ষত হাতীৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু হৈছে। হাতী আৰু মানুহৰ সংঘাতৰ সম্ভাৱনা থকা গাঁওসমূহত নিয়মীয়া তহলদাৰী কৰি থকাৰ লগতে অঞ্চলসমূহত প্রয়োজন সাপেক্ষে বিনামূলীয়া টর্চ লাইট, কেৰাচিন তেল, ফটকা আদি বিতৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অঞ্চলসমূহত পেট্র’ল মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰি নিয়মীয়া তহলৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা হাতীৰ গতিবিধি নিৰীক্ষণ কৰি সেই তথ্য ৰেল আৰু বন বিভাগক প্ৰদান কৰা হয়। সংৰক্ষিত বনাঞ্চলৰ সীমাত সৌৰ বেৰ, চোৰাংচোৱা স্তম্ভ আৰু চোৰাং চিকাৰ প্ৰতিৰোধী শিবিৰ নির্মাণেৰে বনৰীয়া হাতীক আৱাসিক এলেকাত প্ৰৱেশ কৰাত বাধা দিয়াৰ ব্যৱস্থা কৰা হৈছে। বন্যহস্তী আৰু অন্য বন্যপ্ৰাণীৰ সংঘাতত মৃত্যু হোৱা, আঘাতপ্ৰাপ্ত হোৱা আৰু ক্ষতিগ্ৰস্ত লোকসকলক এককালীন সাহায্য প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বিভাগৰ ফালৰ পৰা ৰেল বিভাগ, পঞ্চায়ত, গাঁওপ্রধান, বিদ্যুৎ বিভাগ, বেচৰকাৰী সংস্থাৰ লগত আলোচনামৰ্মে সমন্বয় সমিতি গঠন কৰা হৈছে। হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বন্যপ্ৰাণী উপদ্ৰৱ ৰোধ সমিতি গঠন কৰাৰ লগতে তাৎক্ষণিক প্ৰতিৰক্ষা বাহিনী গঠন কৰা হৈছে বুলি বিধানসভাত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক