মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলক কাইলৈ সাক্ষাৎ কৰিব। মুখ্যমন্ত্রীয়ে কয় যে, এই বিষয়ত সংগঠনটো নেতৃবৃন্দৰ সৈতে হ’বলগীয়া আলোচনালানি কাইলৈ আৰম্ভ হ’ব। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সংগঠনটোৰ পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ পাছত অন্য সংগঠনৰ সৈতেও আলোচনা কৰিব। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন সমিতিয়ে ১৯৭১ চনৰ পাছত অসমলৈ অহা বুলি চিনাক্ত হোৱা অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাপৰ্যন্ত ৰাজ্যৰ বাহিৰৰ কোনো স্থানত সংস্থাপন কৰাৰ পৰামৰ্শ দিছে। তদুপৰি সমিতিয়ে অসমীয়াৰ সংজ্ঞাও নিৰ্ধাৰণ কৰিছে। সমিতিৰ পৰামৰ্শসমূহ সম্পূৰ্ণৰূপে ৰূপায়ণৰ বাবে কোনো কোনো ক্ষেত্ৰত সাংবিধানিক আৰু সংসদীয় ক্ষেত্ৰত সংস্কাৰ সাধনৰ প্ৰয়োজন হ’ব। পৰামৰ্শৱলী লগতে সংবিধানৰ ৩৭১খ অনুচ্ছেদ সালসলনিৰ প্ৰয়োজনীয়তা সম্পৰ্কেও উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত গঠিত এই সমিতিৰ পৰামৰ্শসমূহ ৰূপায়ণক লৈ মন্তব্য কৰি বৰাক উপত্যকাৰ জিলাকেইখন আৰু স্বায়ত্বশাসিত জিলাকেইখনৰ বাহিৰে অন্য জিলা বিশেষ নামনি অসমত এই পৰামৰ্শৱলী ৰূপায়ণত কোনো সমস্যা নহ’ব বুলি মত প্ৰকাশ কৰিছিল। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত কেইটামান পৰামৰ্শ কাৰ্যকৰী কৰা হ’ব বুলি তেওঁ উল্লেখ কৰিছিল। উল্লেখযোগ্য যে অসম চুক্তিৰ ৬ নম্বৰ দফাত অসমৰ খিলঞ্জীয়া লোকৰ সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় অধিকাৰ ৰক্ষাৰ লগতে সামাজিক, সাংস্কৃতিক আৰু আংশিক অধিকাৰৰ সুৰক্ষাৰ প্ৰসংগ উল্লেখ কৰা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে দিয়া ৬৭টা পৰামৰ্শৰ ভিতৰত ৫২টা পৰামৰ্শ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আনহাতে বাকীকেইটা পৰামৰ্শ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল।
Site Admin | September 24, 2024 7:38 PM | assam accord cm aasu meeting