ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১ খন জিলাত ৩৯ খন সমজিলা ঘোষণা কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই এখন জাননীৰ জৰিয়তে অহা ৪ অক্টোবৰৰ পৰা এই সমজিলাসমূহ কাৰ্যকৰী হ’ব বুলি প্ৰকাশ কৰিছে। জাননী অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু গোলকগঞ্জক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। বঙাইগাঁৱৰ অভয়াপুৰীক, কামৰূপ জিলাৰ ৰঙিয়াক, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালীক, লখিমপুৰ জিলাৰ ঢকুৱাখানাক, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সমজিলা হ’ব। শিৱসাগৰৰ নাজিৰা আৰু ডিমৌক, যোৰহাটৰ তিতাবৰক সমজিলাৰ মৰ্যাদা দিয়া হৈছে। গোলাঘাট জিলাৰ বোকাখাত, সৰুপথাৰ আৰু দেৰগাঁৱক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। কাছাৰৰ লক্ষীপুৰ, গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা সমজিলা হ’ব। কামৰূপ মেট্ৰ’ৰ দিছপুৰ, নিউ গুৱাহাটী আৰু ডিমৰীয়াক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁৱক, মৰিগাঁও জিলাৰ জাগীৰোড আৰু লাহৰীঘাটক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। হোজাই জিলাৰ লামডিং, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰু নদুৱাৰক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। ডিব্ৰুগড় জিলাৰ খোৱাং, দুলীয়াজান আৰু টিংখাঙক সমজিলাৰ স্বীকৃতি দিয়া হৈছে। চৰাইদেউ জিলাৰ মাহমৰা আৰু কৰিমগঞ্জৰ পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰক সমজিলা হিচাপে ঘোষণা কৰা হৈছে।
Site Admin | September 30, 2024 7:08 PM | assam 39 samadistrict