ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫টা সমষ্টিৰ বাবে ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, ৭৭ লাখৰো অধিক ভোটদাতা

ৰাজ্যত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পর্যায়ত ৭৭ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্রায় ২ কোটি ৪৩ লাখ ভোটদাতাই এইবাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰ ভিতৰত ১ কোটি ২১ লাখ ৭৯ হাজাৰৰো অধিক পুৰুষ আৰু প্ৰায় ১ কোটি ২১ লাখ মহিলা ভোটদাতা। প্ৰথমবাৰৰ বাবে ভোটদাতাৰ তালিকাত অন্তৰ্ভুক্ত ৭ লাখ ২৬ হাজাৰ ৭৮৩ গৰাকী ভোটদাতা আছে। আনহাতে, ৰাজ্যখনত ৮০ বছৰৰ ঊৰ্ধ্বৰ ভোটদাতাৰ সংখ্যা ২ লাখ ৭২ হাজাৰৰো অধিক। ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সংসদীয় সমষ্টিত সর্বনিম্ন ৮ লাখ ৯২ হাজাৰ ৭৮৯ জন আৰু ধুবুৰী সমষ্টিত সর্বাধিক ২৬ লাখ ৪৩ হাজাৰৰো অধিক ভোটদাতা আছে। ইপিনে, ৰাজ্যখনত তিনিটা পৰ্যায়ত মুঠ ২৬৬ টা আদর্শ ভোটগ্রহণ কেন্দ্র থাকিব। আনহাতে, দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালিত ৩৬ টা আৰু মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত এহেজাৰ ৫৫১ ভোটগ্রহণ কেন্দ্র থাকিব। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অসমত নির্বাচন অনুষ্ঠিত হৈছে।

অধিক পঢ়ক

সকলো চাওক