ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লগতে কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰত

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখাল আদিকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা বাজহ চক্ৰ অধীনস্থ ৫৬০খন গাঁও বানত প্লাৱিত হৈছে। এই পর্যন্ত ৰাজ্যৰ মুঠ ৩ লাখ ৪৯ হাজাৰ ৪৫ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত আছে ১ লাখ ৬৬ হাজাৰ ২৪৬ জন পুৰুষ, ১ লাখ ২৬ হাজাৰ ৬৩৮ গৰাকী মহিলা আৰু ৭৮,১৬১টা শিশু। এইসকল ক্ষতিগ্রস্তৰ ভিতৰত এতিয়ালৈকে ৮জন ব্যক্তিৰ মৃত্যুব খবৰ পোৱা গৈছে। ইফালে আটাইকেইখন জিলাতে মুঠ ১৪৮টা সাহায্য শিবিৰ আৰু ৩৯টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে বানত এই পর্যন্ত উল্লেখিত ১১খন জিলাৰ ১০ লাখ ২৩ হাজাৰ ৬৩টা পশুধন প্ৰভাৱিত হোৱাৰ উপৰি মুঠ প্ৰায় ৪,৯৩১ হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। ইয়াৰ ভিতৰত কাছাৰ জিলাত ১ হাজাৰ ৩৫৫ হেক্টৰ, নগাঁও জিলাত ১ হাজাৰ ৫৫৩ হেক্টৰ, হোজাই জিলাত ১ হাজাৰ ৮৫০ হেক্টৰ, গোলাঘাট জিলাত ৬৯ হেক্টৰ, ডিব্ৰুগড়ত জিলাত ৭৫ হেক্টৰ আৰু হাইলাকান্দিত ২৮ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে।

অধিক পঢ়ক

সকলো চাওক