স্কোৱাছত কালি হংকং স্কোলাছ কেন্দ্ৰত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টীম চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় পুৰুষ আৰু মহিলা দল দুটাই ব্ৰঞ্জৰ পদক লাভ কৰে। মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতীয় পুৰুষৰ দলটোৱে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ বিপৰীতে অনাহাট সিঙৰ নেতৃত্বত মহিলা দলটোৱে আয়োজক হংকঙৰ হাতত পৰাস্ত হয়। উল্লেখযোগ্য যে এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত পৰাজিত ছেমি ফাইনেলিষ্ট দলটোক ব্ৰঞ্জৰ পদক প্রদান কৰা হয়। ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এছিয়ান জুনিয়ৰ টিম চেম্পিয়নশ্বিপৰ এয়া আছিল ২২ সংখ্যক সংস্কৰণ। ২০১১ আৰু ২০১৭ চনত চেম্পিয়ন হোৱা ভাৰতৰ পুৰুষ দলটোৱে বৰ্তমানলৈ দুটা সোণ, ছটা ৰূপ, ১১টা ব্ৰঞ্জসহ মুঠ ১৯টা পদক লাভ কৰিছে। ইফালে, ২০০৩ আৰু ২০১৩ চনত বিজয়ী হোৱা ভাৰতীয় মহিলা দলটোৱে এই প্ৰতিযোগীতাত দুটা সোণ, দুটা ৰূপ আৰু আঠটা ব্ৰঞ্জসহ এতিয়ালৈ মুঠ ১২টা পদক লাভ কৰিছে।
Site Admin | February 17, 2025 12:17 PM | asian junior team championship
এছিয়ান জুনিয়ৰ টীম চেম্পিয়নশ্বিপত ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ ব্ৰঞ্জৰ পদক লাভ
