শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ টি২০ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত শ্রীলংকাই পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব। কালিৰ খেলখনত ১৪১ ৰানৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে তিনিটা উইকেট আৰু এটা বল বাকী থকা অৱস্থাত জয় লাভ কৰিবলৈ সমৰ্থ হয়। প্রথমে বেট ধৰি পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত চাৰি উইকেটৰ বিনিময়ত ১৪০ ৰান সংগ্ৰহ কৰে। শ্ৰীলংকাৰ অধিনায়ক ছোমাৰি আঠাপথথুৱে সৰ্বাধিক ৬৩ ৰান কৰে আৰু প্লেয়াৰ অব দ্যা মেচ খিতাপ দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ৫৪টা বলতেই ৮১ ৰানৰ লক্ষ্যত উপনীত হৈ ভাৰতে খেলখনত জয়লাভ কৰে। প্ৰথমে বেট ধৰি বাংলাদেশে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত কেৱল ৮০ ৰানহে কৰিবলৈ সমৰ্থ হৈছিল। ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই খেলখনত ৩৯টা বলত ৫৫ ৰান সংগ্ৰহ কৰে ।
Site Admin | July 27, 2024 12:14 PM | asia cup womens semifinal