ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে কালি বেংগালুৰুত এখন বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে শীৰ্ষ ব্যৱসায়ীসকলক আমন্ত্রণ জনায়। এই সন্মিলনত মন্ত্রী সিংহলে ২০০তকৈও অধিক বিনিয়োগকাৰী, ব্যৱসায়িক নেতা, নীতি প্রণেতা আৰু ঔদ্যোগিক বিশেষজ্ঞৰ সৈতে ৰাজ্যখনৰ সাম্প্ৰতিক ব্যৱসায়ৰ অনুকূল পৰিৱেশ সম্পর্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে অসম দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ স্বৰূপ হোৱা হেতুকে বিনিয়োগৰ ক্ষেত্ৰত কৌশলগত স্থান বুলি তেওঁলোকক অৱগত কৰে। তেওঁ লগতে ৰাজ্যখনক অর্থনৈতিক উন্নয়নৰ শক্তিৰ ভঁৰাল বুলিও অভিহিত কৰে। তেওঁ কয়, যে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২০১৩-১৪ বৰ্ষৰ ২৯ বিলিয়নৰ ডলাৰৰ পৰা ২০২৩-২৪ বৰ্ষত ৬৮ দশমিক ৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে আৰু পৰৱৰ্তী বৰ্ষত এই পৰিমাণ ৮৫ দশমিক ৮ বিলিয়ন ডলাৰ হোৱাৰ সম্ভাৱনা আছে। আন্তঃগাথনি, উৎপাদন, নৱীকৰণযোগ্য শক্তি আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল বিনিয়োগৰ দ্বাৰা পৰিচালিত অসমৰ বিকাশৰ দৃষ্টিভংগী সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড’ৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা উল্লেখ কৰে। মন্ত্ৰী শ্ৰীসিংহলে আমাৰ ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য, ৭ খনকৈ ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিটাকৈ ইউনেস্কোৰ স্বীকৃতিপ্রাপ্ত বিশ্ব ঐতিহ্যক্ষেত্রই সমৃদ্ধ কৰা বহনক্ষম পৰ্যটনৰ প্ৰতি দায়বদ্ধতাৰ কথাও ভাষণত উল্লেখ কৰে। তেওঁ লগতে চৰকাৰে বিনিয়োগকাৰীসকলক বিনিয়োগৰ বাবে সুচল পৰিৱেশ দিবলৈ সৰ্বতোপ্ৰকাৰে ব্যৱস্থা লৈছে বুলি উল্লেখ কৰে ।
Site Admin | January 22, 2025 12:34 PM | ashok singhal bangaluru