June 10, 2024 8:08 PM | Ashok singhal

printer

জনতা ভৱনত অশোক সিংহালৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে আজি জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। মিছন বানমুক্ত গুৱাহাটী, মিছন অঙ্কুট, স্বচ্ছ ভাৰত মিছন (নগৰীয়া), গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াসকলে এই বৈঠকত অংশ লয়। বৈঠকখনত শ্ৰী সিংহালে বিভাগীয় বিষয়াসকলৰ পৰা বিভিন্ন প্ৰকল্পৰ কামকাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। শেহতীয়াকৈ সাগৰীয় ঘূর্ণি বতাহ ৰীমালৰ প্ৰভাৱত গুৱাহাটী মহানগৰীত হোৱা অস্বাভাৱিক বৰষুণ আৰু তাৰ ফলত হোৱা বানৰ বুজ লোৱাৰ লগতে কৃত্রিম বান সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। মেঘালয়ৰ পৰা নামি অহা পানী গুৱাহাটী চহৰৰ বাহিৰে বাহিৰে ব্ৰহ্মপুত্ৰ বা দীপৰ বিললৈ বোৱাই নিয়া, নলা-নৰ্দমাসমূহ আৱৰ্জনামুক্ত কৰি পানীৰ প্ৰাকৃতিক সুঁতিসমূহ পৰিষ্কাৰ কৰি ৰখা, অবৈধ নির্মাণ বন্ধ কৰা আৰু বেদখল প্রতিহত কৰাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ ফলতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ বাবে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ সকলৰ লগতে বন বিভাগৰ সৈতে সমন্বয় ৰক্ষাৰে কাম কৰিবলৈ তেওঁ পৌৰ নিগম তথা মিছন বানমুক্ত গুৱাহাটীৰ বিষয়ববীয়াসকলক নির্দেশ দিয়ে। আনহাতে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত তেওঁ দ্বিতীয় পৰ্যায়ৰ অঙ্গুট আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন চহৰত খোৱাপানী যোগান আঁচনিৰ অগ্রগতি সন্দৰ্ভত বুজ লয়। ইয়াৰ লগতে এই আঁচনিৰ অধীনত বিহপুৰীয়া, যোৰহাট, উত্তৰ লখিমপুৰ, লক্ষীপুৰ, কোকৰাঝাৰ, শিলচৰ, তিনিচুকীয়া, ৰঙিয়াৰ পানী যোগান প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। আন এখন বৈঠকত তেওঁ স্বচ্ছ ভাৰত মিছন নগৰীয়াৰ অধীনত হাতত লোৱা গোটা আৱৰ্জনা ব্যৱস্থাপনা, ব্যৱহৃত জল ব্যৱস্থাপনা, ৰাজহুৱা শৌচাগাৰসমূহৰ উপযুক্ত তদাৰকী, পৌৰসভাসমূহৰ বাসিন্দাসকলৰ ঘৰৰ পৰা ১০০ শতাংশ জাবৰ সংগ্ৰহ সুনিশ্চিতকৰণত গুৰুত্ব আৰোপ কৰে ।

অধিক পঢ়ক

সকলো চাওক