কেন্দ্ৰীয় ৰে‘লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ৰে‘ল বিভাগে অতি শীঘ্ৰেই ৯৫ হাজাৰ খালী পদ পূৰণ কৰিব। কালি বিহাৰৰ বেটিয়া জংচনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে শেহতীয়াকৈ অনুষ্ঠিত ১ লাখ ৫ হাজাৰ পদবীৰ লগতে এই ৯৫ হাজাৰ অতিৰিক্ত পদৰ বাবে ৰে‘লৱেয়ে নিযুক্তি দিব। শ্রীবৈষ্ণৱে কয়, যে নমো আৰু বন্দে ভাৰত ৰেলৰ প্ৰতি সঁহাৰি জনাই ৰে‘লৱেই নিজৰ উৎপাদন বৃদ্ধিৰ বাবে সিদ্ধান্ত লৈছে। ৰে‘লমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে তেওঁৰ মন্ত্ৰালয়ে বিহাৰত বৃহৎ চৰকাৰী পক্ষৰ পৰা টিকট বিনিয়োগৰ সিদ্ধান্ত লৈছে। বিহাৰত ৯৫ হাজাৰ কোটিতকৈও অধিক টকাৰ বিনিয়োগ চলি আছে আৰু ইয়াৰ দ্বাৰা বিহাৰৰ ৰে‘লপথ সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰা হ‘ব বুলিও ৰে‘লমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷
ইয়াৰ পূৰ্বে, ৰে‘লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি গোড়খপুৰৰ ৰে‘ল ষ্টেচন পৰিদৰ্শন কৰি গোড়খপুৰ জংচনৰ নতুন প্ৰকল্পটো পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীক ৰে‘ল বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰস্তাৱিত ম‘ডেল ষ্টেচনটোৰ সবিশেষ অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত জনসাধাৰণে ষ্টেচনটোৰ জৰিয়তে কেনেধৰণেৰে উপকৃত হ‘ব সেই লৈয়ো মন্তব্য কৰে। প্ৰকল্পটো পৰ্যবেক্ষণ কৰাৰ অন্তত তেওঁ কয়, যে যথেষ্ট ক্ষিপ্ৰতাৰে ষ্টেচনটোৰ কাম-কাজ আগবাঢ়িছে আৰু সময়মতে প্রকল্প সম্পূৰ্ণ হ‘ব। গোড়খপুৰৰ সংস্কৃতি আৰু ঐতিহ্য স্মৃতি ধৰি ৰাখিব পৰাকৈ ষ্টেচনটোৰ নক্সা প্ৰস্তুত কৰা হৈছে।