এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলৰ ৪৩টাকৈ পদক লাভ

♦ কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলে ৪৩টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ২৪ খনতকৈও অধিক দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতে যুৱ শাখাত ২২টা আৰু ২২ বছৰ অনুৰ্ধত ২১টা পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে। যুৱ শাখাত কালি ভাৰতীয় বক্সাৰসকলে ৫টা সোণৰ, ৯টা ৰূপৰ, আৰু ৮টা ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ৪৮ কেজি ফাইনেলত ভাৰতৰ ব্ৰিজেশে তাজিকিস্তানৰ মুমিনোভ মুইনখোজ্জাৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি প্ৰতিযোগিতাৰ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। পুৰুষৰ ৫১ কিলোগ্রাম শাখাত ভাৰতৰ আৰিয়ানে কির্গিস্তানৰ কামিলভ জাফাৰবেকৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰে। মহিলাৰ ৫০ কিলোগ্রাম শাখাত ভাৰতৰ লক্ষ্মীয়ে মংগোলিয়াৰ এংখ্ নোমুণ্ডাৰীক পৰাস্ত কৰে। ইয়াৰ পিছতে বৰ্তমানৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন নিশাই কাজাখস্তানৰ অটিনবাই বাগঝানৰ বিৰুদ্ধে ৫-শূন্য ফলাফলত জয়ী হৈ ৫২ কিলোগ্রাম শাখাত ভাৰতৰ হৈ পঞ্চমটো সোণৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে ২২ বছৰ অনুৰ্ধ শাখাত অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া প্ৰীতিয়ে মহিলাৰ ৫৪ কিলোগ্রাম শাখাত আন পাঁচগৰাকী ভাৰতীয় মহিলা খেলুৱৈৰ সৈতে ফাইনেলত প্ৰৱেশ কৰিছে। ৭৫ কিলোগ্রাম শাখাত মুস্কান আৰু ৮১ কিলোগ্রাম শাখাত আলফিয়া পাথানে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক