আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰতি লক্ষ্য ৰাখি পটপৰগঞ্জ, ছাহাদ্ৰা আৰু গান্ধীনগৰ অঞ্চলৰ জনসাধাৰণৰ সৈতে মতবিনিময় কৰে। ইপিনে দিল্লী কংগ্ৰেছৰ অধ্যক্ষ দেবেন্দ্ৰ যাদৱে কালি বিয়লি বাৱানা গাঁৱৰ জনসাধাৰণক সম্বোধন কৰে। এই অঞ্চলসমূহত অহা ২৫ মে’ত নির্বাচন অনুষ্ঠিত হ’ব। বৃহস্পতিবাৰে এই অঞ্চলসমূহ সামৰি লোৱা লোকসভা সমষ্টিকেইটাত প্ৰচাৰ অভিযানৰ সামৰণি পৰিব।
Site Admin | May 21, 2024 11:31 AM | Arvind Kejriwal
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পটপৰগঞ্জ, ছাহাদ্ৰা আৰু গান্ধীনগৰৰ জনসাধাৰণৰ সৈতে মতবিনিময়
