অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে আদালতত আবেদন বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে আদালতত আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ অহা ২ জুনত উকলিব। সুৰা কেলেংকাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ১ জুনলৈ অন্তৰ্ৱৰ্তীকালীন জামিন প্রদান কৰিছিল। অহা ২ জুনত তেওঁ পুনৰ আত্মসমৰ্পণ কৰিব লাগিব। ইপিনে, অৰবিন্দ কেজৰিৱালৰ জীৱনলৈ ভাবুকি অহাৰ অভিযোগ তুলি দেশৰ নিৰ্বাচন আয়োগলৈ আম আদমী পাৰ্টীৰ বিধায়কসকলে পত্ৰ প্ৰেৰণ কৰিছে। পেটেল নগৰৰ মেট ষ্টেচনত ভাবুকিভৰা বাৰ্তা লাভ কৰা বুলি দলটোৰ বিধায়কসকলে পত্ৰ প্ৰেৰণ কৰে। অংকিত গোৱেল নামৰ ইনষ্টাগ্রাম হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক ভাবুকি প্ৰদান কৰাৰ অভিযোগ পত্ৰত উত্থাপন কৰা হৈছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা বুলি বিধায়কসকলে পত্ৰত উল্লেখ কৰিছে। সামাজিক মাধ্যমত কেজৰিৱালৰ ওপৰত হোৱা আক্ৰমণৰ ফটো প্ৰকাশ কৰা হৈছে বুলি বিধায়কসকলে পত্ৰত উল্লেখ কৰে। পত্ৰত দলটোৰ বিধায়কসকলে কেজৰিৱালৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছে বুলি দাবী তোলে।

অধিক পঢ়ক

সকলো চাওক