মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপনৰ বাবে বিজেপিক তীব্র সমালোচনা

আম আদমী পাৰ্টীয়ে দল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ বাবে বিজেপিক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা তথা মন্ত্রী আতিশীয়ে বিজেপিয়ে আম আদমী পাৰ্টিৰ নেতাসকলক দুর্বল কৰাৰ বাবে চৰকাৰী ব্যৱস্থাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। নেতাগৰাকী বিধি বলৱৎকাৰী সঞ্চালকালয়ে আবকাৰী কেলেংকাৰী গোচৰত ধন লাভ কৰা নাই বুলি দাবী কৰে। এই প্ৰসংগত গোৱাৰ আদালতে অৰৱিন্দ কেজৰিৱালৰ বিৰুদ্ধে থকা গোচৰ বাতিল কৰাৰ কথা শ্ৰীমতী আতিশীয়ে উল্লেখ কৰে। তেওঁ কয় যে, বিজেপিয়ে যদিহে আম আদমী পাৰ্টিৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজত ব্ৰতী হ’ব বিচাৰিছে তেন্তে দলটোৱে ৰাজনৈতিক যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হোৱা উচিত। ইপিনে, বিজেপিয়ে শ্রীমতী আতিশী ভুৱা সাধু কোৱাত দক্ষ বুলি অভিহিত কৰে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই অর্থনীতিক সমলৰ আৱশ্যকতা পূৰণৰ বাবে আম আদমী পাৰ্টীয়ে সুৰা নীতি প্ৰস্তুত কৰা বুলি অভিযোগ তোলে। তেওঁ লগতে সুৰা নীতিত যদি কোনো ধৰণৰ অনিয়ম হোৱাই নাছিল তেন্তে কেজৰিৱাল চৰকাৰে চি বি আইৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগে লগে কিয় এই নীতি প্রত্যাহাৰ কৰিলে বুলি প্রশ্ন তোলে। নেতাগৰাকীয়ে সুৰা কেলেংকাৰিক জলজল পটপট হৈ পৰা গোচৰ বুলি অভিহিত কৰে।

অধিক পঢ়ক

সকলো চাওক