ৰাজ্যত মহিলা সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰ জনতা ভৱনৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি মুকলি কৰি কয় যে, ৰাজ্যৰ ৩৭ লাখ পৰিয়ালে প্ৰতিমাহে এহেজাৰ ২৫০ টকাকৈ সাহায্য লাভ কৰাটো নিশ্চিত কৰিবলৈ ১২৬টা বিধানসভা সমষ্টিৰ মহিলাসকলৰ সৈতে আজি এই যাত্ৰা আৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰীয়ে অহা কেইসপ্তাহমানৰ ভিতৰতে এই অভিলাষী আঁচনিৰ অধীনত ১২ লাখ হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰা হ’ব বুলি উল্লেখ কৰে। এই আঁচনিৰ বাবে বিধৱা, ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ অবিবাহিতা, বিবাহ বিচ্ছেদ হোৱা আৰু অকলশৰীয়া মহিলাৰ লগতে তৃতীয় লিংগ, দিব্যাংগ, চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বয়োজ্যেষ্ঠ বা ৰুগীয়া মহিলা, আশ্রয়হীন পৰিয়ালৰ মহিলা, মগনীয়া, অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী, বাৰ্ষিক উপার্জন ২ লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলা, এইচ আই ভি, থেলাছেমিয়া আদিত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা আৰু পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী ৬০ বছৰ ঊৰ্ধ্বৰ অথবা দিব্যাংগ হ’লে তেনে ঘৰৰ মহিলাই আবেদন কৰিব পাৰিব।
তিনিচুকীয়াৰ মানৱ কল্যাণ ভৱনত অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যৰ শ্ৰম আৰু চাহ শ্রমিক কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে, যিসকলে ইতিপূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে তেওঁলোকেও নতুনকৈ আবেদন দাখিল কৰিব লাগিব। কোনো যোগ্য লোক যাতে এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় এই কথা নিশ্চিত কৰিবৰ বাবে তেওঁ ৰাইজক আহ্বান জনায়।
চৰাইদেউ জিলাৰ জজলী পাঁচআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অৰুণোদয় আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে এই আঁচনিয়ে ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰা লোকসকলক স্বাৱলম্বিতা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। সোণাৰিৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, এই আঁচনিয়ে সমগ্র ৰাজ্যতে মহিলা সৱলীকৰণৰ দিশত অৰিহনা যোগাইছে।
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত মন্ত্ৰী অশোক সিংঘল, বৰছলাত বিধায়ক গণেশ কুমাৰ লিম্বু, তেজপুৰত বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপৰাত বিধায়ক কৃষ্ণ কমল তাঁতী আৰু ন-দুৱাৰত বিধায়ক পদ্ম হাজৰিকাই অৰুণোদয় আঁচনিৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে।
মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ মুকলি মঞ্চত বিধানসভা পৰ্যায়ত অনুষ্ঠিত অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক ভুৱন গামে অংশ লয়।
অৰুণোদয় আঁচনিৰ আনুষ্ঠানিক উদ্বোধনৰ লগত সংগতি ৰাখি আজি যোৰহাট জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিতে সভা আয়োজন কৰা হয়।
লখিমপুৰতো অৰুণোদয় আঁচনি তৃতীয় পৰ্যায়ৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় ৷
বোকাখাতৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত সভাত উপস্থিত থাকি মন্ত্রী অতুল বৰাই আঁচনিখন ৰাইজৰ বাবে সমৰ্পণ কৰে আৰু ইয়াৰ উপকাৰিতাৰ হিতাধিকাৰীসকলৰ অৱগত কৰে।
ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিধায়ক নজৰুল ইছলাম উপস্থিত থাকে।
বাক্সা জিলাৰ শালবাৰীত আজি ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি মুকলি কৰা হয়।
বৰপেটা বিধানসভা সমষ্টিত বিধায়ক আব্দুৰ ৰহিম আহমেদৰ উপস্থিতিত অৰুণোদয় আঁচনি তৃতীয় পৰ্যায়ৰ আৰম্ভণি কৰা হয়৷
তামুলপুৰত এই আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত বিধায়ক জলেন দৈমাৰীকে ধৰি জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভা আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি জাগীৰোডত অৰুণোদয় আঁচনি তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। ইপিনে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ওদালগুৰি জিলাৰ নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰীত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু ৰেচন কাৰ্ড প্ৰদানৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে।
চিৰাং জিলাৰ কাজলগাঁও সামূহিক গৃহত আজি অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানত কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী উপস্থিত থাকে। ইপিনে বিটিআৰ প্রধান প্রমোদ বড়োৱে কোকৰাঝাৰৰ কাছিয়াবাৰী খেলপথাৰত একে অনুষ্ঠানত অংশ লয়।
বঙাইগাঁও জিলাত এই আঁচনিৰ উদ্বোধনী অনুষ্ঠানত সাংসদ ফণীভূষণ চৌধুৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
কৰিমগঞ্জ জিলাৰ ৰাটাবাৰীত বিধায়ক বিজয় মালাকাৰে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰত অংশ লয়।