আমেৰিকাৰ ইউনিভাৰছিটী অৱ জর্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা ক্রিয়েটিব ৰাইটিং কাৰ্যক্ৰমৰ সঞ্চালক আৰুণি কাশ্যপলৈ ২০২৪-২৫ বৰ্ষৰ হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ আগবঢ়োৱা হৈছে। এই সন্মান লাভ কৰা আৰুণি কাশ্যপ হৈছে প্ৰথমগৰাকী অসমীয়া। উল্লেখযোগ্য যে হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটউট অৱ এডভান্সড ষ্টাডিয়ে প্রত্যেক বছৰে নিজৰ ক্ষেত্ৰখনলৈ অসামান্য অৱদান আগবঢ়োৱা ৫০ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে। বৰ্তমানলৈ বিশ্ববিদ্যালয়খনে ১৫০০ ব্যক্তিক এই সন্মান প্ৰদান কৰিলেও উপন্যাস-গল্প-কবিতাৰ শাখাত মাত্র ৭৯ গৰাকী ব্যক্তিয়েহে এই বিৰল সন্মান লাভ কৰিছে। ইয়াৰে ভিতৰত নাইজেৰিয়াৰ বিশ্ববিখ্যাত ঔপন্যাসিক আৰু মেক আৰ্থাৰ জিনিয়াছ সন্মান তথা অৰেঞ্জ প্ৰাইজৰ ৱিমেনছ ৰাইটিং বঁটা লাভ কৰা চিমানমান্দা এডিচি, পুলিটজাৰ বঁটাপ্ৰাপক জেৰিক’ ব্রাইন ইত্যাদিও আছে। এই বিৰল সন্মান লাভ কৰা এতিয়ালৈ একমাত্ৰ অসমীয়া আৰুণি কাশ্যপৰ দা হাউছ ৱিথ এ থাউজেণ্ড ষ্ট’ৰিছ শীৰ্ষক উপন্যাসৰ লগতে কবিতা সংকলন ডেয়াৰ ইজ ন’ গুড টাইম ফৰ বেড নিউজ আৰু হিছ ফাডাৰ্ছ ডিজিজ নামৰ গল্প সংকলনে দেশে-বিদেশে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।
Site Admin | May 11, 2024 11:05 AM | ARUNI KASHYAP HARVARD UNIVERSITY