অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি

কাইলৈ হ’বলগীয়া অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি চলি আছে। এই দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকালৰ কাইলৈ অৰ্থাৎ‍ ২ জুনত অন্ত পৰিব।
উত্তৰ-পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচন যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত হৈছিল। কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা ৪ জুনত দেশৰ আন আন ৰাজ্যৰ সৈতে একেলগে কৰা হ’ব। কাইলৈ পুৱা ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। প্ৰথমে পোষ্টেল বেলট আৰু ইলেক্‌ট্ৰনিকভাৱে প্ৰেৰণ কৰা বেলটৰ ভোটগণনা কৰা হ’ব। ইয়াৰ পাছত ৬.৩০ বজাৰ পৰা ই ভি এমৰ ভোটগণনা আৰম্ভ হ’ব। অৰুণাচল প্ৰদেশত এই উদ্দেশ্যে ২৪টা ভোট গণনা কেন্দ্র স্থাপন কৰা হৈছে আৰু দুহেজাৰৰো অধিক নিৰ্বাচনী বিষয়া গণনা প্ৰক্ৰিয়াত জড়িত হ’ব বুলি আমাৰ সংবাদদাতাই জনাইছে। ভোটগণনা উপলক্ষে কাইলৈ আৰু ৪ জুনত ৰাজ্যখন ড্রাই ডে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশত ৬০ খন বিধানসভা আসন আছে আৰু বিজেপিয়ে ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে ১০ খন আসনত জয়লাভ কৰিছে। আনফালে ছিকিমত ৩২খন বিধানসভা আসনৰ বাবে নির্বাচন অনুষ্ঠিত হৈছে।

অধিক পঢ়ক

সকলো চাওক