অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কালি ঘোষণা

অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয়। এই অনুসৰি অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে NPEP ৫খন, NCP তখন, PPA- য়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আসন লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই অৰুণাচল প্ৰদেশৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে, ছিকিমত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ৩১খন আসন লাভ কৰি দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। আনহাতে ছিকিম ডেম’ক্রেটিক ফ্রণ্টে এখন আসন লাভ কৰাৰ বিপৰীতে পূৰ্বৰ মুখ্যমন্ত্রী পৱন চামলিঙে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হয় আৰু মুখ্যমন্ত্ৰী তথা এছ কে এমৰ সভাপতি প্রেম সিং টামাঙে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দুয়োটা সমষ্টিতে জয়লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক