ডাউনলোড
মোবাইল এপ

android apple
signal

আজিৰে পৰা অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন

অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। এয়া হৈছে অষ্টম বিধানসভাৰ চতুর্থ সংখ্যক অধিৱেশন। এই অধিৱেশনত ৫খন বৈঠক অনুষ্ঠিত হব। ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কে টি পাটনায়কৰ ভাষণেৰে আজি সদনৰ কাৰ্যসূচী আৰম্ভ হয়।

ৰাজ্যপালে তেওঁৰ ভাষণত কয়, যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটে অহা বছৰৰ ভিতৰত ৰাজ্যখনৰ উন্নয়নৰ কৌশলগত দিশ নিৰ্ধাৰণ কৰাই নহয়, ২০৪৭ চনৰ ভিতৰত বিকশিত অৰুণাচল নিৰ্মাণৰ লক্ষ্যত উপনীত হোৱাৰ কাৰ্যক্ৰমণিকা হিচাপেও কাম কৰিব। তেওঁ লগতে কয়, যে জটিল খণ্ডসমূহক অগ্ৰাধিকাৰ দি চৰকাৰে অৰুণাচল প্ৰদেশত এটা পৰিৱৰ্তনশীল যুগৰ মঞ্চ তৈয়াৰ কৰিব। সদনত আজি অৰুণাচল প্ৰদেশ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক ২০২৫, অৰুণাচল প্ৰদেশ অৰুণ পৰিৱাৰ পাত্ৰ কৰ্তৃপক্ষ বিধেয়ক ২০২৫, অৰুণাচল প্ৰদেশ ৰাজহুৱা চৌহদ সংশোধনী বিধেয়ক আৰু অৰুণাচল প্ৰদেশ বান সমভূমি মণ্ডল বিধেয়ক ২০২৫ উত্থাপন কৰা হয় ৷ অহা ১২ মাৰ্চত বাজেট অধিৱেশনৰ অন্ত পৰিব ।

অধিক পঢ়ক

সকলো চাওক