অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ একাংশ অঞ্চলত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা)ৰ ম্যাদ অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এখন জাননীত এই কথা প্রকাশ কৰি কোৱা হৈছে যে অৰুণাচল প্ৰদেশৰ তিনিখন আৰু নাগালেণ্ডৰ ৮খন জিলাকে ধৰি অঞ্চল বিশেষত এই ব্যৱস্থা কাৰ্যকৰী হ’ব। জাননীখনত প্ৰকাশ পোৱা মতে অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলা তিনিখনে সামৰি লোৱা অঞ্চলসমূহৰ লগতে নামছাই জিলাৰ অন্তৰ্গত মহাদেৱপুৰ আৰু চৌখাম থানাৰ অন্তৰ্গত এলেকাসমূহক অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰি আফস্পা প্ৰয়োগৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, নাগালেণ্ডৰ ৮ খন জিলাই সামৰি লোৱা সমগ্ৰ অঞ্চলৰ লগতে আন ছখন জিলাৰ অংশ বিশেষত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে। এই আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’বলগীয়া জিলাকেইখন হ’ল– ডিমাপুৰ, নিউলেণ্ড, চুম’কেডিমা, মন, কিফিৰে, নক্লাক, ফেক আৰু পেৰেন।
Site Admin | September 26, 2024 7:51 PM | arunachal nagaland afspa