বিদেশ মন্ত্রালয়ে জনোৱা অনুসৰি কুৱেইটৰ মাংগাফ অঞ্চলত শ্রমিক বাস কৰা এটা ভৱনত কালি সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হৈছে । দেশখনত থকা ভাৰতীয় দূতাবাসে কুৱেইট কৰ্তৃপক্ষ আৰু শ্ৰমিকসকল কৰ্মৰত কোম্পানীটোৰ পৰা ঘটনাৰ সবিশেষ সংগ্ৰহ কৰি থকা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে । মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আহতসকলক বর্তমান পাঁচখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসালয় কর্তৃপক্ষই ভৰ্তি হোৱা লোকসকলৰ অধিকাংশৰ অৱস্থা সুস্থিৰ বুলি প্ৰকাশ কৰিছে। ঘটনাৰ পাছতে কুৱেইটত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আদর্শ স্বইকাই ততাতৈয়াকৈ ঘটনাৰ স্থানৰ লগতে চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি ভাৰতীয় নাগৰিকসকলৰ সুচিকিৎসা নিশ্চিত কৰে। দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে আৰু এই ঘটনাত আহত ভাৰতীয় নাগৰিকসকলক সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়াইছে। দূতাবাসে +965 65505246 নম্বৰৰ হেল্পলাইন স্থাপন কৰিছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে।
Site Admin | June 13, 2024 12:12 PM | Kuwait Fire