কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছেঃ অৰ্জুন ৰাম মেঘৱাল

♦ কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি গুৱাহাটীত প্ৰকাশ কৰে।

Image

মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আই আই টি গুৱাহাটীত আয়োজিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনত দিয়া ভাষণত তেঁও এইদৰে কয়। তেওঁ লগতে ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি কয় যে, এনে ধৰণৰ ব্যৱস্থাসমূহ ঔপনিবেশিক শাসকসকলে প্ৰৱৰ্তক কৰিছিল আৰু ইয়াত ভাৰতীয় নীতি আৰু স্বকীয়তাৰ অভাৱ দেখা গৈছিল।

Image

বৃটিছসকলে এনে ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও বৰ্তমান চৰকাৰে জনসাধাৰণক ন্যায় প্ৰদানৰ প্ৰয়াস চলাইছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমেঘৱালে কয় যে, নতুন আইনসমূহ যেনে ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ জনসাধাৰণ কেন্দ্ৰীক তথা কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষক দ্রুত গতিৰে উন্নয়নৰ দিশে অগ্ৰসৰ হোৱাৰ সঠিক সময়তে ইয়াক প্ৰৱৰ্তন কৰিছে। ভাষণ প্ৰসংগত শ্ৰীমেঘৱালে সন্মিলনখনে নির্দিষ্ট বিষয় সন্দৰ্ভত সফলতাৰে আলোকপাত কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰে।

Image

Image

২১ শতিকাৰ তৃতীয় দশক ভাৰতৰ স্বতন্ত্ৰতাৰ প্ৰকৃত স্বৰূপ হ’ব বুলি ১৮৯৫ চনত স্বামী বিবেকানন্দই কৰা মন্তব্য প্ৰসংগৰ অৱতাৰণা কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ ঔপনিবেশিক শাসন বিৰোধী সংশোধনৰ পোষকতা কৰে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ কৰাটোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Image
অনুষ্ঠানত চিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ চমাদ্দাৰ, আইন আয়োগৰ সদস্য সচিব ৰীতা বশিষ্ঠ, উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ঋষিকেশ ৰয় আৰু মুখ্য সচিব ৰবি কোটায়েও ভাষণ প্ৰদান কৰে।

Image

Image

অধিক পঢ়ক

সকলো চাওক