ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে ফাইনেলত তুৰ্কীৰ দলটোক পৰাস্ত কৰে। আনহাতে জ্যোতি সুৰেখা ৱেন্নম আৰু প্ৰিয়াংশে কম্পাউণ্ড মিক্সড্ টীম শাখাত ৰূপৰ পদক লাভ কৰিছে। ফাইনেলত জ্যোতি আৰু প্ৰিয়াংশৰ যুটীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিভিয়া ডীন আৰু ছয়াৰ ছুলিভানৰ হাতত পৰাস্ত হয়।
Site Admin | May 25, 2024 5:46 PM | Archery | India | SPORTS
আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত ভাৰতৰ সোণৰ পদক
