ডাউনলোড
মোবাইল এপ

android apple
signal

February 24, 2025 11:54 AM | Arabinda panagiya

printer

অৰবিন্দ পানাগাড়িয়াৰ নেতৃত্বত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজহৰ অংশীদাৰিত্বৰ আৰ্হি আৰু বিকাশৰ বিভিন্ন দিশ আলোচনা

ষোড়শ বিত্তীয় আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাড়িয়াৰ নেতৃত্বত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজহৰ অংশীদাৰিত্বৰ আৰ্হি আৰু বিকাশৰ বিভিন্ন দিশ আলোচনা কৰা হব। এই উদ্দেশ্যে আয়োগে আজি মিজোৰাম চৰকাৰৰ লগতে ঔদ্যোগিক সংস্থা, গ্রাম্য আৰু নগৰাঞ্চলৰ স্থানীয় সংস্থা তথা স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হব। বিত্ত আয়োগৰ অধ্যক্ষগৰাকীয়ে তিনিজন সদস্য ক্রমে- অজয় নাৰায়ণ ঝা, এনি জর্জ মেথিউ আৰু মনোজ পাণ্ডাৰ লগতে কেইবাগৰাকীও বিষয়াসহ কালি আইজল উপস্থিত হৈ ৰাজ্যপাল বিজয় কুমাৰ সিঙক ৰাজভৱনত সাক্ষাৎ কৰে। আয়োগৰ দলটোৱে পাছত হান্ঠাৰ বেং অঞ্চলৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা ঠাইসমূহ পৰিদৰ্শন কৰে। চাৰিদিনীয়া এই ভ্ৰমণকালত বিত্ত আয়োগৰ দলটোৱে মুখ্যমন্ত্রী লালডোহোমা, তেওঁৰ মন্ত্ৰীসভাৰ সদস্য, চৰকাৰী বিষয়া, ৰাজনৈতিক দল, তিনিখন স্বায়ত্তশাসিত পৰিষদ, স্থানীয় সংস্থা, বাণিজ্য আৰু উদ্যোগ প্ৰতিনিধি তথা গাঁও পৰিষদৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হব। এই বৈঠকত আয়োগে ভাৰত চৰকাৰক দিয়া পৰামৰ্শ প্ৰস্তুত কৰাৰ অংশ হিচাপে ৰাজ্যখনৰ লগত জড়িত কেতবোৰ বিষয় সম্পৰ্কত প্ৰতিনিধিসকলৰ মতামত গ্রহণ কৰিব। উল্লেখযোগ্য যে ২০২৩ চনৰ ৩১ ডিচেম্বৰত ষোড়শ বিত্তীয় আয়োগ গঠন কৰা হৈছিল। এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ৰাজহৰ অংশীদাৰিত্বৰ আৰ্হি পর্যালোচনা আৰু পৰামৰ্শ দিয়ে। ২০২৬ চনৰ ১ এপ্রিলত ষোড়শ বিত্তীয় আয়োগৰ কাৰ্যকালৰ অন্ত পৰিব ।

অধিক পঢ়ক

সকলো চাওক