দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰীত চিবিআইৰ গ্ৰেপ্তাৰক সমৰ্থন কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে জৰুৰী তালিকাভুক্তিৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সন্মুখত আজি এই কথা উল্লেখ কৰে। ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে কয় যে ই-মেইলৰ অনুৰোধ পৰীক্ষা কৰাৰ পিছত শুনানিৰ দিন ঘোষণা কৰা হ‘ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিধি বলৱৎকাৰী সঞ্চালকালয়ে দাখিল কৰা এক গোচৰত কেজৰিৱালক জামিন প্রদান কৰিছিল।
Site Admin | August 12, 2024 5:55 PM | Arbinda kajriwal