অসম লোকসেৱা আয়োগে আজি ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰে। এই ফলাফল অনুসৰি মূল পৰীক্ষাত ৭১১ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হ’বলৈ সমৰ্থ হৈছে। উত্তীর্ণ পৰীক্ষাৰ্থীসকলৰ বাবে আয়োগে অহা ১৩ নৱেম্বৰৰ পৰা মৌখিক সাক্ষাৎকাৰৰ অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে লোকসেৱা আয়োগে অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা, অন্যান্য সংলগ্ন সেৱাকে ধৰি মুঠ ২৩৫টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনৰ ভিত্তিত প্ৰাৰম্ভিক পৰীক্ষাত ৫০ হাজাৰৰো অধিক প্রার্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ২ হাজাৰ ৮৯৮ গৰাকী প্ৰাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলত মূল পৰীক্ষালৈ উত্তীর্ণ হ’বলৈ সমৰ্থ হৈছিল। ইয়াৰ পাছত অনুষ্ঠিত কৰা মূল পৰীক্ষাৰ আজি ঘোষণা কৰা ফলাফলত ৭১১ গৰাকী প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন কৰা হৈছে। আয়োগৰ উচ্চস্তৰীয় সূত্ৰই জনোৱা অনুসৰি মৌখিক সাক্ষাৎকাৰৰ অন্তত ডিচেম্বৰৰ প্ৰথম সপ্তাহত চূড়ান্ত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে।
Site Admin | October 19, 2024 8:28 PM | apsc result