ডাউনলোড
মোবাইল এপ

android apple
signal

May 21, 2024 11:46 AM | apsc exam main

printer

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সূচী ঘোষণা

অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা ২৬, ২৭ আৰু ২৮ জুলাইত পৰীক্ষা অনুষ্ঠিত হ’ব। আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি ২৬ জুলাইৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ প্ৰথম প্ৰশ্নকাকত ৰচনাৰ পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদিনাই বিয়লি ডেৰ বজাৰপৰা চাৰে ৪ বজালৈ সাধাৰণ অধ্যয়নৰ প্ৰথম প্ৰশ্নকাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ঠিক একেদৰে ২৭ আৰু ২৮ তাৰিখেও একে সময়তে পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। জাননীত উল্লেখ কৰা অনুসৰি ৰোল নম্বৰ আৰু ই-নামভৰ্তিৰ প্ৰমাণপত্ৰসহ প্ৰাৰ্থীৰ তালিকাসমূহ অহা ৩ আৰু ৫ জুলাইত আয়োগৰ ৱেবছাইটত আপলোড কৰা হ’ব। উল্লেখ্য যে ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ বাবে দুহেজাৰ ৮৯৮ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে মৰাণ-মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও পৰীক্ষাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়া মাধ্যমতো দিয়াৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ্থীসকলে অসমীয়া মাধ্যমতো উত্তৰসমূহ লিখিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক