অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা কাইলৈৰ পৰা অনুষ্ঠিত হ’ব। ২৩৫টা পদৰ বাবে হ’বলগীয়া এই মূল পৰীক্ষাত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ অন্তত দুহেজাৰ ৮৯৮গৰাকীয়ে মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ইয়াৰ ভিতৰত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থীয়েহে মূল পৰীক্ষাৰ বাবে আবেদন জনায়। এই পৰীক্ষা হ’বলগীয়া ২৩৫টা পদৰ ভিতৰত অসম অসামৰিক সেৱাৰ ৪৫টা, অসম আৰক্ষী সেৱাৰ ৩৫টা আৰু অসম বিত্ত সেৱাৰ ১৩টা পদ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই পৰীক্ষাত প্ৰথমবাৰৰ বাবে প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব। মুখ্যমন্ত্রীয়ে এই পদক্ষেপৰ বাবে লোকসেৱা আয়োগক ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | July 25, 2024 8:34 PM | APSC