কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে উদ্ভাৱন, দক্ষতা বিকাশ, উদ্যমিতা আৰু প্রযুক্তিগত বিকাশৰ বাবে ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি কৰিছে। বিগত ১০ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ বাবে অপাৰ সুযোগৰ নতুন পথ মুকলি কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত চৰকাৰী চাকৰিৰ বাবে ১৫ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তিপত্র প্রদান কৰা হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰালৈকে চৰকাৰে যুৱ প্ৰজন্মৰ বাবে ভবিষ্যতৰ অপাৰ সম্ভাৱনাৰ ভেটী স্থাপন কৰিছে। শিক্ষা আৰু নিয়োগৰ মাজত ব্যৱধান হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰে এক কোটি যুবক-যুৱতীক ইন্টার্নশ্বিপৰ সুবিধা প্রদান কৰিছে। এই সময়ছোৱাত প্রধানমন্ত্রী কৌশল বিকাশ যোজনাৰ অধীনত এক কোটি ৪২ লাখৰো অধিক যুৱক-যুৱতীক প্রশিক্ষণ কৰা হৈছে। লোকসেৱাৰ পৰীক্ষাসমূহত নকল আৰু অসৎ পন্থা বন্ধ কৰাৰ উদ্দেশ্যে চৰকাৰে লোকসেৱাৰ পৰীক্ষাত অসৎ উপায় প্রতিৰোধ আইন ২০২৪ প্ৰৱৰ্তন কৰিছে। দেশৰ ভবিষ্যৎ বিকাশত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজনক স্বীকৃতি দি যুৱ প্ৰজন্মক বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডক কেৰিয়াৰ হিচাপে গ্রহণ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বিজ্ঞান ধাৰা আঁচনি মুকলি কৰা হয়। প্রাচীন নালন্দা বিশ্ববিদ্যালয়ৰ পুনৰুজ্জীৱিতকৰণে দেশৰ চহকী শৈক্ষিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি থকা মোদী চৰকাৰৰ দায়বদ্ধতাকে সূচায়।
Site Admin | January 1, 2025 2:04 PM | PM Modi distribute appointment letter | PM Narendra Modi