অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত নৱনিৰ্বাচিত ৩ গৰাকী সাংসদক সম্বৰ্ধনা

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত নৱনিৰ্বাচিত ৩গৰাকী সাংসদক সম্বৰ্ধনা জনোৱা হয়। যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কালি এখন ৰাজহুৱা সম্বৰ্ধনা সভাত সন্মান জনোৱা হয়। বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেইগৰাকীৰ বিজয়ত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিনন্দন জ্ঞাপন কৰে। ভাষণ প্ৰসংগত শ্ৰী বৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ পোষকতা কৰে। গৌৰৱ গগৈৰ শক্তিশালী কণ্ঠ, প্ৰদ্যুৎ বৰদলৈৰ মূল্যবোধৰ ৰাজনীতি আৰু ৰকিবুল হুছেইনৰ সাংগঠনিক দক্ষতাই কংগ্ৰেছ দলক অধিক শক্তিশালী কৰিব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে।
সম্বৰ্ধনা গ্ৰহণ কৰি যোৰহাট সংসদীয় সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে এইবাৰ লোকসভা নিৰ্বাচনত অসমবাসীৰ লগতে ভাৰতবাসীৰ ৰাজনৈতিক বিবেকৰ জয় হৈছে বুলি উল্লেখ কৰে। গণতন্ত্ৰৰ স্বাৰ্থত আৰু দেশৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসমৰ ৰাইজে নতুন ৰাজনৈতিক জীৱন ৰেখা অংকন কৰা বুলি তেওঁ মন্তব্য কৰে। ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে অনাগত দুটা বছৰ অসমত থাকি কাম কৰি যোৱাৰ আকাংক্ষা ব্যক্ত কৰে।

অধিক পঢ়ক

সকলো চাওক